মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র মু্ক্ত উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱন আৰু প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ খানাপাৰাস্থিত মহানগৰ চৌহদত অনুষ্ঠিত উদ্ঘাটন সমাৰোহত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰে।
উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰাচীন ভাৰতীয় সভ্যতাৰ সৈতে বিকশিত ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে উল্লেখ কৰি শিক্ষাৰ্থীসকলক নম্বৰৰ কাৰণে শিক্ষালাভৰ বাট বোলাতকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণত ৰত হ'বলৈ আহ্বান জনায়। ড° শৰ্মাই লগতে পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত জ্ঞান চৰ্চাৰ বিভিন্ন আধুনিক প্ৰপঞ্চসমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে আধুনিক প্ৰযুক্তিৰ সুবিধাৰে আমাৰ সংস্কৃতি, পৰম্পৰা তথা ঐতিহ্যৰ বিষয়ে বিশ্বক অৱগত কৰিব পৰা যায়। এই ক্ষেত্রত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানসমূহৰ কৰণীয়ৰ প্ৰসংগ বাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনে মুঠ নামভৰ্তিৰ অনুপাতলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়েও উল্লেখ কৰে। শিক্ষা খণ্ডক অধিক গণতান্ত্রিক কৰি তুলিবলৈ এই বিষয়ত বিশ্ববিদ্যালয়খনৰ আৰু কৰণীয়সমূহ উল্লেখ কৰি ড° শৰ্মাই বৈষম্য আৰু কুশল বিকাশৰ হেতু শিক্ষাৰ মাজত সন্তুলন বজাই ৰাখিবলৈ মুক্ত শিক্ষাৰ বিশ্ববিদ্যালয় এখনেই সবাতোকৈ প্ৰয়োজনীয় মঞ্চ বুলি উল্লেখ কৰে। লগতে বিশ্ববিদ্যালয়খনৰ ৰাণীস্থিত চৌহদত হাতত লোৱা আন্তঃগাঁথনিগত উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০ কোটি টকাৰ সাহাৰ্য্যও ঘোষণা কৰে।
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাষণ প্ৰসংগত নতুন শৈক্ষিক ভৱনৰ উদঘাটনত বিশ্ববিদ্যালয় পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰি কয় যে অঞ্চলটোৰ শৈক্ষিক পটভূমিৰ অন্তর্ভুক্তিকৃত আমোল পৰিৱৰ্তনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে।
উদ্বোধনী অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, পঞ্জীয়ক তথা বিভিন্ন সত্ৰসমূহৰ সঞ্চালককে ধৰি শৈক্ষিক আৰু অনা শৈক্ষিক কৰ্মচাৰীৰ লগতে আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, আটকধুনীয়াকৈ নিৰ্মাণ কৰা এই নতুন শৈক্ষিক ভৱন তথা প্ৰেক্ষাগৃহই বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনিগত উন্নয়নকে প্ৰতীয়মান কৰে । ইয়াৰ লগতে এই সংযোজন মুক্ত বিশ্ববিদ্যালয়খনে সামাজিক দায়বদ্ধতাৰ লগতে শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা অবিৰত প্ৰচেষ্টাসমূহৰ দিশতো এক সবল খোজ বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মত পোষণ কৰিছে।
Link : Watch it